FEATURED POST

Never Miss a New Post.

Thanks for subscribing!

নতুন পোষ্ট....

ISRAA ৰ বিষয়ে...

IMG-20211207-WA0008.jpg

ISRAA (ইন্টেলেক্চুৱেল ষ্টাডীজ এণ্ড ৰিচাৰ্ছ একাডেমি অসম) ভৱিষ্যতদৰ্শী যুৱ-উদ্যম, দৃঢ়-সংকল্প আৰু সুস্থ-পৰিকল্পনাৰ এখন মঞ্চৰ নাম। অতি কম সময়ত অসমত বিশেষকৈ যুৱ সমাজত ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। শাৰীৰিক আৰু মানসিক একাত্মিকতা আৰু একনিষ্ঠতাৰ সম্ভাব্য আটাইবোৰ উপায়েৰে মানৱ সেৱাত নিমজ্জিত হোৱা, জীৱনৰ আটাইবোৰ ব্যস্ততাৰ মাজেৰে নিজৰ আহৰি সময়ৰ এটা অংশ মানৱ সেৱাত ব্যয় কৰা, ISRAAৰ মজিয়াত পাৰ্থিৱ কোনো লাভ-লোকচানৰ হিচাপ নকৰি প্ৰতিদানৰ বিষয়টো ঈশ্বৰৰ ওপৰত এৰি দিয়া ISRAAৰ প্ৰাথমিক চৰ্ত। আনহাতে আধ্যাত্মিকতাক সাৰথি কৰি মানৱসেৱাৰ চৰ্চা সাৰ্বজনীন কৰা, সৰ্বদা মধ্যমপন্থা অনুসৰণ কৰা, কথা, কৰ্ম আৰু আচৰণৰ জৰিয়তে নিজৰ পৰিচয় দাঙি ধৰা ISRAAৰ দায়িত্ব। লগতে ISRAAৰ চাৰিসীমাৰ আওতাত পদাৰ্পণ কৰি শিক্ষা আৰু আদৰ্শেৰে নিজকে শক্তিশালী কৰা, জীৱনৰ যাৱতীয় দায়িত্ব আৰু ব্যস্ততাৰ মাজেৰে সময়ৰ দাবী তথা পৰিস্থিতিৰ আহ্বান অনুযায়ী বিভিন্ন বিষয়ত অধ্যয়নৰ জৰিয়তে নিজকে জ্ঞানপুষ্ট কৰা, বিভিন্ন মনীষীৰ জীৱন-চৰিত, ইতিহাস, বিজ্ঞান-প্ৰযুক্তি, ভূ-গোল, সভ্যতা-সংস্কৃতি, ভাষা-সাহিত্য, ৰাজনীতি, অৰ্থনীতি, সমাজ বিজ্ঞান ইত্যাদি বিষয়ত সম্যক জ্ঞান অৰ্জন কৰা, বিশেষকৈ অসমীয়া ভাষা আৰু সমান্তৰালকৈ অন্যান্য ভাষা ইত্যাদি পৰ্য্যাপ্ত পৰিমাণে নিজৰ আয়ত্তত আনিবলৈ চেষ্টা কৰা, গৱেষণামূলক কিতাপ বা বৌদ্ধিক মহলে চৰ্চা কৰা বিষয় বা প্ৰস্তুত কৰা লেখাবোৰৰ অধ্যয়নৰ জৰিয়তে গৱেষণাৰ অভ্যাস গঢ়ি তোলা ইত্যাদি সংক্ষেপে ISRAA বুলি পৰিচিত।

  • Facebook
  • Whatsapp
  • YouTube